Dhemaji CRPF

ধেমাজিৰ টকৌবাৰী গাঁৱৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান বিক্ৰমজিত চুতীয়াৰ মঙলবাৰে দুপৰীয়া আকস্মিকভাৱে মৃত্যু হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে বৰ্তমান শোকৰ ছাঁ পেলাইছে। কাশ্মীৰত কৰ্মৰত 163 বেটেলিয়ান CRPFৰ জোৱানজনে ২৫ ছেপ্তেম্বৰত ছুটিত ঘৰলৈ আহিছিল।

দুপৰীয়া ঘৰত কাম কৰি থকা অৱস্থাতে হঠাতে বুকুৰ বিষ অনুভৱ কৰে, ততাতৈয়াকৈ বিক্ৰমজিতক পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়ৰ পথতেই মৃত্যুক সাৱটি লয় জোৱানজনে। ৩৩ বছৰীয়া বিক্ৰমজিতে মৃত্যুৰ সময়ত পত্নীসহ তিনিগৰাকী কণ কণ কন্যা এৰি যায়। মৰণোত্তৰ পৰীক্ষাৰ পিছত ঘৰলৈ অনা হয় বিক্ৰমজিতৰ নশ্বৰ দেহ।