Astrology

জ্যোতিষ শাস্ত্ৰৰ মতে প্ৰতিটো গ্ৰহই এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিজৰ ৰাশিৰ স্থান সলনি কৰে। আৰু এই ৯ টা গ্ৰহৰ ভিতৰত শনি আৰু বৃহস্পতি গ্ৰহক জ্যোতিষ শাস্ত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। শনি গ্ৰহই কৰ্মৰ ফল দিয়াৰ লগতে ই হৈছে আটাইতকৈ লেহেমীয়া গতিশীল গ্ৰহ। 

শনি গ্ৰহই এটা ৰাশিত প্ৰায় ডেৰ-দুবছৰ থাকে। এনে পৰিস্থিতিত এটা ৰাশিলৈ ঘূৰি আহিবলৈ প্ৰায় ৩০ বছৰ সময় লাগে।আৰু ২০২৪ বৰ্ষটো হৈছে শনিৰ বৰ্ষ। জ্যোতিষ শাস্ত্ৰ মতে, বৰ্তমান শনি কুম্ভ ৰাশিত আছে আৰু ২০২৫ চনত ইয়াৰ ৰাশি সলনি কৰিব।