India's biggest car thief Anil Chauhan

দিল্লীৰ খানপুৰ অঞ্চলত থাকি অটোৰিক্সা চলাইছিল অনিলে ৷ ১৯৯৫ চনৰ পিছত গাড়ী চুৰি কৰিবলৈ আৰম্ভ কৰিছিল অপৰাধী অনিলে ৷

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৫ হাজাৰতকৈও অধিক গাড়ী চুৰি কৰাৰ অভিযোগত আজি দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অপৰাধী অনিলক ৷ “ভাৰতৰ আটাইতকৈ ডাঙৰ গাড়ী চোৰ” হিচাপে খ্যাত অনিল চৌহান। আৰক্ষীয়ে জনোৱা অনুসৰি, ৫২ বছৰীয়া অনিলৰ জীৱনশৈলী আছিল বিলাসী, দিল্লী, মুম্বাই, আৰু উত্তৰ-পূবত তেওঁৰ বৃহৎ সম্পত্তি আছে।