self marriage

‘মে অপনী ফেভৰিট হো’, জব উই মেট চিনেমাখনত যেতিয়া কৰীণা কাপুৰে এই সংলাপটো কৈছিল, তেতিয়া অভিনেত্ৰীগৰাকীয়ে জনা নাছিল যে, এদিন তেওঁ কোৱা এই কথাষাৰিয়েই ২৪ বছৰীয়া ক্ষমা বিন্দুৰ বাবে হৈ পৰিব অনুপ্ৰেৰণাৰ কাৰণ। শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’ব গুজৰাটৰ কন্যা ক্ষমা বিন্দুই।

১১ জুন তাৰিখে ভাৰতত হ’ব এখন বিশেষ বিয়া। কিয়নো এই বিয়াখনত দৰা-কইনা বুলিবলৈ দুজন লোক নাই। আছে কেৱল এগৰাকী যুৱতী। নিজৰ সৈতেই বিয়াত বহিব ২৪ বছৰীয়া ক্ষমা। ১১ জুনত বিবাহপাশত আৱদ্ধ হ’ব ক্ষমা। সেন্দুৰ ঢালিব নিজৰ শিৰত।