কিছু মুহুৰ্ত আগলৈকে সুস্থ-সৱল অৱস্থাত গীত গাই দৰ্শকক আপ্লুত কৰা শিল্পী কেকেই অনুষ্ঠানৰ মাজতে অসুস্থ হৈ ক্ষন্তেকৰ ভিতৰতে মৃত্যুকো সাৱটি লয় ৷
কে কে নামেৰে পৰিচিত প্লেবেক গায়ক কৃষ্ণকুমাৰ কুন্নাথৰ মঙলবাৰে সন্ধিয়া কলকাতাত শেষ নিশ্বাস ত্যাগ কৰে।
৫৩ বছৰীয়া কেকে কলকতাৰ নাজৰুল মঞ্চত গুৰুদাস মহাবিদ্যালয়ৰ এক অনুষ্ঠান পৰিৱেশন কৰি থকা অৱস্থাত অসুস্থ হৈ পৰাত সংগীতজ্ঞগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।