Rainfall in Assam

আজি ১৬ মে’ সোমবাৰৰ পৰা ৰাজ্যত পুনৰ বৰষুণ হব বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

আজিৰে পৰা অহা পাঁচ দিনলৈ ঠায়ে ঠায়ে প্ৰৱল বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

অৱশ্যে ৰাজ্যৰ দুই এক ঠাইতহে বিজুলী ঢেৰেকনি হোৱাৰ সম্ভাৱনা বুলি জানিবলৈ দিছে।

কোনো কোনো ঠাইত আজি প্ৰৱল বৃষ্টিপাত হ’ব পাৰে বুলি সদৰি কৰিছে। আজি আৰু কাইলৈ নামনি অসমৰ কিছু জিলা আৰু বৰাক উপত্যকাৰ ফালে হাফলং, শিলচৰতো অধিক বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

২০ তাৰিখলৈ ৰাজ্যত প্ৰায় একেদৰেই বতৰ থাকিব বুলি কেন্দ্ৰই জনায়।