Assam News

পুনৰ গ্ৰেপ্তাৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক। দ্বিতীয়টো গোচৰত কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰি নিশা পাণবজাৰ থানাতে ৰাখিলে দিলৱাৰ হুছেইন মজুমদাৰক।  

উল্লেখ্য যে, দিলৱাৰৰ বিৰুদ্ধে BNSৰ কেইবাটাও ধাৰাত গোচৰ। বেংকৰ নথিপত্ৰ লৈ পলায়ন কৰাৰ অভিযোগ সাংবাদিকগৰাকীৰ বিৰুদ্ধে। পুৱতি নিশা দিলৱাৰৰ ঘোঁৰামৰাস্থিত বাসগৃহত পাণবজাৰ আৰক্ষীৰ অভিযান। সাংবাদিকগৰাকীক লগত লৈ অভিযান চলালে আৰক্ষীয়ে।