Operation Ganga

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা ভাৰতীয়ক উদ্ধাৰৰ বাবে প্ৰতিজ্ঞাবদ্ধ ভাৰত চৰকাৰ। যিকোনো পৰিস্থিতিতে সকলো ভাৰতীয়ক স্বদেশলৈ উভতাই আনিবৰ বাবে চেষ্টা চলাইছে কেন্দ্ৰীয় চৰকাৰে।

বৃহস্পতিবাৰে নিশা আৰু শুকুৰবাৰে পুৱা ইউক্ৰেইনৰ পৰা ৬৩০জন ভাৰতীয়ক লৈ স্বদেশলৈ উভতি আহিল ভাৰতীয় বায়ুসেনাৰ তিনিখন C-17 বিমান। কেন্দ্ৰীয় চৰকাৰৰ অপাৰেশ্যন গংগাৰ অধীনত চলোৱা উদ্ধাৰ অভিযানত সফল হৈছে চৰকাৰ। শুকুৰবাৰে, টুইটযোগে ভাৰতীয় বায়ুসেনাই জনায় ৬৩০ গৰাকী ভাৰতীয়ক ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰাৰ কথা।