Aft Techno Trade

অসমৰ চাহ যে বিশ্ববিখ্যাত, এই কথা আকৌ এবাৰ প্ৰমাণিত হ’ল। অসমৰ চাহ  ১ কিলোগ্ৰাম বিক্ৰী হ’ল প্ৰায় ১ লাখ টকাত।
এই চাহ বিকিলে ডিব্ৰুগড় বিমানবন্দৰৰ ওচৰৰ লাহোৱালত অৱস্থিত নাহোৰচুকবাৰীৰ AFT Techno tradeএ।

গ’ল্ডেন পাৰ্ল নামৰ এবিধ বিশেষ চাহে আকৌ এবাৰ ইতিহাস সৃষ্টি কৰিলে। ১ কিলোগ্ৰাম চাহৰ মূল্য ১ লাখতকৈ ১ টকা কম। অৰ্থাৎ ৯৯,৯৯৯ টকা।

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত (Guwahati Tea Auction Centre) ৯৯,৯৯৯ টকাত বিক্ৰী হ’ল AFT Techno Tradeৰ ১ কিলোগ্ৰাম ‘গ’ল্ডেন পাৰ্ল’ টী।