অসমৰ চাহে পুনৰ ৰচিলে ইতিহাস! ১ কিলোগ্ৰাম চাহ পাত বিক্ৰী হ’ল প্ৰায় ১ লাখ টকাত

Assam Tea

অসমৰ চাহ যে বিশ্ববিখ্যাত, এই কথা আকৌ এবাৰ প্ৰমাণিত হ’ল। অসমৰ চাহ  ১ কিলোগ্ৰাম বিক্ৰী হ’ল প্ৰায় ১ লাখ টকাত।
এই চাহ বিকিলে ডিব্ৰুগড় বিমানবন্দৰৰ ওচৰৰ লাহোৱালত অৱস্থিত নাহোৰচুকবাৰীৰ AFT Techno tradeএ।

গ’ল্ডেন পাৰ্ল নামৰ এবিধ বিশেষ চাহে আকৌ এবাৰ ইতিহাস সৃষ্টি কৰিলে। ১ কিলোগ্ৰাম চাহৰ মূল্য ১ লাখতকৈ ১ টকা কম। অৰ্থাৎ ৯৯,৯৯৯ টকা।

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত (Guwahati Tea Auction Centre) ৯৯,৯৯৯ টকাত বিক্ৰী হ’ল AFT Techno Tradeৰ ১ কিলোগ্ৰাম ‘গ’ল্ডেন পাৰ্ল’ টী।

অসমৰ বিখ্যাত আৰু বিৰল প্ৰকাৰৰ চাহ Aft Techno tradeৰ “গ’ল্ডেন পাৰ্ল” টীয়ে আজি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অনুষ্ঠিত চেল নং ০৭ত প্ৰতি কিলোগ্ৰামত ৯৯,৯৯৯ টকা পাবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, বিগত বৰ্ষত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ডিব্ৰুগড়ৰৰ ‘মনোহাৰী গোল্ড টী’ প্ৰতি কিলোগ্ৰাম ৯৯,৯৯৯ টকাত বিক্ৰী হৈছিল।

Category
Profile picture for user UB Photos