PSLV C-52

ভাৰতীয় অনুসন্ধান সংস্থা ISROৰ ডাঙৰ সাফল্য। ISROই এই বছৰৰ প্ৰথমটো ৰাডাৰ ইমেজনিং ছেটেলাইট Earth Observation Satellite (EOS-04) অন্ধ্ৰ প্ৰদেশৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলভাৱে উৎক্ষেপন কৰে।

এই উপগ্ৰহটো লঞ্চ পেডৰ পৰা আজি পুৱা ০৫.৫৯ বজাত পিএছএলভিৰ জৰিয়তে লঞ্চ কৰে। ইছৰ’ৱে উপগ্ৰহটোৰ সৈতে সৰু সৰু দুটা আন উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিছে। পিএছএলভি–চি৫২ৰ জৰিয়তে ১,৭১০ কিলোগ্ৰাম ওজনৰ ইঅ’এছ–০৪ উপগ্ৰহটো সূৰ্যৰ ধ্ৰুবীয় কক্ষত গ্ৰহৰ পৰা ৫২৯ কিলোমিটাৰ দূৰত্বত স্থাপন কৰা হ’ব। ইছৰ’ৱে এই পিএছএলভিৰ জৰিয়তে আন দুটা উপগ্ৰহ INSPIRESat আৰু INSAT-2DT উপগ্ৰহও মহাকাশলৈ প্ৰেৰণ কৰে।