চলিত বছৰ হ’বলগীয়া টি-২০ বিশ্বকাপত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। অষ্ট্ৰেলিয়াত হ’বলগীয়া বিশ্বকাপক লৈ ইতিমধ্যে আৰম্ভ হৈছে কাউণ্ট ডাউন।
বিশ্বকাপৰ আৰম্ভণিতে এইবাৰো ক্ৰিকেট অনুৰাগীয়ে উপভোগ কৰিব পাৰিব এখন হাইভল্টেজ মেচ। ২৩ অক্টোবৰত মুখামুখি হ’ব চিৰবৈৰী ভাৰত আৰু পাকিস্তান।
উল্লেখ্য় যে, টিকটৰ বুকিং খোলা দিয়াৰ মাত্ৰ এঘণ্টাৰ ভিতৰতে ভাৰত আৰু পাকিস্তানৰ মেচখনৰ সকলো টিকট বিক্ৰী হৈ যায়।
অষ্ট্ৰেলিয়াৰ ছিডনী মৰ্ণিং হেৰাল্ডে জানিব দিয়া অনুসৰি, মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’বলগীয়া খেলখনত ৬০ হাজাৰৰো অধিক টিকট ইতিমধ্য়ে বিক্ৰী হৈ গৈছে।