মহানগৰীৰ জালুকবাৰী নুতন শৰাইঘাট দলংত অঘটন। ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবেই এজন ব্য়ক্তিয়ে বাচি ললে আত্মহত্যাৰ পথ।
উল্লেখ্য় যে, AS01 DS 9533 নংৰ alto বাহনখন দলংৰ মাজত ৰখুৱাই ৰূপ নগৰৰ নয়ন জ্য়োতি তালুকদাৰ নামৰ যুৱকজনে পানীত জঁপিয়াই নিজৰ জীৱন শেষ কৰি দিয়ে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
ইতিমধ্যে জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে নয়নৰ পৰিয়ালৰ লোকে।
আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যুৱক জনে ব্ৰহ্মপুত্ৰত জাপ দিয়া বুলি। যাৰবাবে আৰক্ষীৰ এটা দলে চলাই আছে অনুসন্ধান।