প্ৰতিবছৰৰ দৰে এইবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতিৰক্ষা বাহিনীৰ সৈতে দীপাৱলী উদযাপন কৰে।
আজি প্ৰধানমন্ত্ৰীগৰাকী দীপাৱলী উদযাপনৰ বাবে গোৱাৰ উপকূলত থকা ভাৰতীয় নৌ-সেনাৰ স্বদেশী এয়াৰ ক্ৰাফ্ট কেৰিয়াৰ INS Vikrantত উপস্থিত হয়। গোৱা আৰু কাৰৱাৰ উপকূলৰ আইএনএছ বিক্ৰান্তত নৌসেনা বাহিনীৰ সৈতে দীপাৱলী উযদাপন কৰে মোদীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বছৰৰ দীপাৱলীৰ অনুষ্ঠানত তেওঁৰ বিশেষ বাৰ্তাত প্ৰতিবেশী পাকিস্তানক পুনৰ অপাৰেচন সিন্দূৰৰ কথা মনত পেলাই দিয়ে আৰু পুনৰ এবাৰ কঠোৰ সকীয়নি প্ৰদান কৰে।