Pandemic

ৰাজধানী দিল্লী পালেহি অ'মিক্ৰন। প্ৰায় ১২জন ৰোগীক অমিক্ৰনৰ সন্দেহ কৰি দিল্লীৰ লোক নায়ক জয় প্ৰকাশ (এলএনজেপি) চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এলএনজেপি চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত, ৰোগীসকল অ'মিক্ৰনত সংক্ৰমিত হৈছে নে নাই পৰীক্ষা কৰিবলৈ নমুনাবোৰ জিনোম অনুক্ৰমলৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে পৰীক্ষাটোৰ ফলাফল চাৰি বা পাঁচ দিনৰ ভিতৰত দিয়া হ'ব।

১২জনৰ ভিতৰত, আঠজন নিশ্চিত কৰোনা ভাইৰাছ ৰোগী আনহাতে চাৰিজনৰ ডিঙিৰ বিষ, জ্বৰ আৰু ৰোগীৰ সংস্পৰ্শলৈ অহাৰ লক্ষণ আছে।

চিকিৎসালয়খনৰ মতে, চাৰিজন ৰোগী ইউকেৰ, চাৰিজন ফ্ৰান্সৰ, দুজন নেডাৰলেণ্ডৰ, এজন বেলজিয়ামৰ আৰু এজন তাঞ্জানিয়াৰ।