Helmet Mandatory

হেলমেট উলংঘনকলৈ অধিক সৰব হৈছে মহানগৰ আৰক্ষী। বুধবাৰে গুৱাহাটী আৰক্ষীয়ে জনাই যে হেলমেট পৰিধান নকৰা মুঠ ৮,১২৭ জন উলংঘনকাৰীৰ পৰা বিহা হৈছে জৰিমনা।

টুইটাৰযোগে গুৱাহাটী আৰক্ষীয়ে লিখিছে, "মাননীয় মুখ্যমন্ত্ৰী @himantabiswa নিৰ্দেশ অনুসৰি, আমাৰ নাগৰিকৰ সুৰক্ষাৰ বাবে হেলমেট সম্পৰ্কীয় উলংঘনৰ বাবে মুঠ ৮,১২৭ জন উলংঘনকাৰীক জৰিমনা বিহা হৈছে। ৰাস্তাবোৰ সকলোৰে বাবে সুৰক্ষিত নোহোৱালৈকে আমাৰ অভিযান অব্যাহত থাকিব। আপুনি গাড়ী চলাওঁতে বা বাইক/স্কুটিত পিলিয়ন চলাওঁতে অনুগ্ৰহ কৰি হেলমেট পিন্ধিব।"