Elephant Death

বছৰৰ পহিলা দিনটোতে এক শোকাৱহ ঘটনা। ৰে'লৰ প্ৰচণ্ড খুন্দাত মৃত্যু বন্যহস্তীৰ। নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ তথা শালনা বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তৰ্গত শিঙিয়া ফুকনখাট বৰপুলৰ কাষত নৱবৰ্ষৰ পহিলা দিনটোতে সংঘটিত হয় এই কৰুণ ঘটনা৷

খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ এটা সৰু জাকে দীৰ্ঘদিন ধৰি চামগুৰিৰ অঞ্চলত চলাই আহিছিল উপদ্ৰৱ।  শনিবাৰে নিশা গুৱাহাটী-শিলঘাট অভিমুখী দ্ৰুতবেগী ৰে'লখনে মহতিয়াই নিয়ে বন্যহস্তীৰ জাকটোৰ এজনী বন্যহস্তীক। যদিও দুৰ্ঘটনা সংঘটিত হৈ হাতীটোৰ কৰুণ মৃ্ত্যু হয়, তথাপি এই ঘটনাক সহজতে মানি ল’ব পৰা নাই অঞ্চলবাসীয়ে৷