Groom Vehicle

এক শোকাৱহ ঘটনাত দেওবাৰে নিশা গোলাঘাট জিলাত সংঘটিত এক পথ দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ উপৰিও আন পাঁচজন লোক আহত হয়।

শিৱসাগৰৰ পৰা গোলাঘাট অভিমূখে যাওঁতে দৰাৰ পাৰ্টি কঢ়িয়াই নিয়া বাহনখন এডাল প্ৰকাণ্ড গছত খুন্দা মৰাৰ ফলত ঘটনাটো সংঘটিত হয়।

মৃতলোক দিজন বিপুল শৰ্মা আৰু মহেন্দ্ৰ কলিতা বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্য়ে প্ৰেৰণ কৰা হৈছে।

খবৰ অনুসৰি, বিবাহ অনুষ্ঠানটো শিৱসাগৰ জিলাত অনুষ্ঠিত হয় আৰু দৰা পাৰ্টি গোলাঘাটলৈ বিবাহৰ পৰা উভতি আহি আছিল তেনেস্থলতে এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়।