Election Expenditure

নিৰ্বাচনী ব্যয়ৰে অভিলেখ ৰচিলে বিজেপিয়ে। ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতেই ৰাজ্যিক বিজেপিয়ে লাভ কৰিছিল লাখ টকাৰ বৰঙণি। ৰাজ্যিক বিজেপিৰ লগতে, জিলা বিজেপি আৰু স্থানীয় কমিটীয়ে কেন্দ্ৰৰ পৰা লাভ কৰিছিল প্ৰায় ২৮ কোটি টকাৰ বৰঙণি।

ইতিমধ্যে, নিৰ্বাচন আয়োগক বিজেপিৰ ৰাষ্ট্ৰীয় আয়োগে দাখিল কৰিছে নিৰ্বাচনী ব্যয়ৰ তালিকা। নিৰ্বাচনৰ সময়ত বেংক ড্ৰাফটযোগে ৰাজ্যিক বিজেপিৰ বেংক একাউণ্টত জমা হৈছিল ২৭ কোটি ৫৯ লাখ ৫৯ হাজাৰ ২২৬ টকা।