Dr Manmohan Singh

ডেংগুত আক্ৰান্ত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং। অৱশ্যে ডেংগুত আক্ৰান্ত হ'লেও ক্ৰমাৎ সুস্থ হৈ উঠিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। এই কথা সদৰী কৰিছে AIIMSৰ চিকিৎসা বিষয়াই।

৮৯ বছৰীয়া কংগ্ৰেছৰ নেতাগৰাকীক বুধবাৰে ভৰ্তি কৰোৱা হয় দিল্লীৰ AIIMSত। জ্বৰ আৰু দুৰ্বলতাত ভুগি আছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী।

AIIMSৰ কাৰ্ডিও-নিউৰো চেন্টাৰৰ এটা ব্যক্তিগত ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক। বৰ্তমান প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ নীতিশ নায়কৰ অধীনত এটা চিকিৎসকৰ দলে প্ৰধানমন্ত্ৰীগৰাকীক চিকিৎসা প্ৰদান কৰি আছে।