Doctor Navonil Baruah

ৰাজকন্যা বৰুৱা আৰু চিকিৎসক নভনীল বৰুৱা সন্দৰ্ভত মুখ খুলিছে আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই। শনিবাৰে এখন সংবাদমেলযোগে আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে ব্যক্ত কৰে দুয়োৰে মাজত হোৱা কথা-বাৰ্তাৰ কথা।

চিকিৎসক নভনীল বৰুৱাই আৰক্ষী সঞ্চালক প্রধানগৰাকীৰ সৈতে কথা পতা বুলি ওলোৱা বাতৰি সন্দৰ্ভত সংবাদমেলৰ জৰিয়তে স্পষ্টীকৰণ দাঙি ধৰে DGP ভাস্কৰজ্যোতি মহন্তই। ভাস্কৰ জ্যোতি মহন্তই জনায় যে, ৪ তাৰিখে ডাঃ নভনীল বৰুৱাই ফোন আৰু মেছেজ কৰি ৰাজকন্যা বৰুৱাৰ স্বাস্থ্যৰ বিষয়ে জনাইছিল ভাস্কৰ জ্যোতি মহন্তক।