"মই কাকো নিৰাপত্তা দিয়া নাই, মই একো ভুল কৰা নাই" - ডাক্টৰ নভনীল বৰুৱা

Navanil Baruah

গুৱাহাটীৰ হিট এণ্ড ৰাণ গোচৰত এইবাৰ আৰক্ষীয়ে সোধা-পোছা কৰিছে গুৱাহাটীৰ প্ৰতিষ্ঠিত চিকিৎসক ডাক্টৰ নভনীল বৰুৱাক।

আজি দিছপুৰ থানাত হাজিৰ হয় প্ৰখ্যাত চিকিৎসকগৰাকী। জিএনআৰচি চিকিৎসকগৰাকীৰ বিৰুদ্ধে ৰাজকন্যা বৰুৱাক অনৈতিকভাৱে সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপিত হৈছিল।

কিন্তু নিজৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ খণ্ডন কৰিছে চিকিৎসক নভনীল বৰুৱাই। সাংবাদিকৰ আগত তেওঁ কয়, "মই কাকো নিৰাপত্তা দিয়া নাই। মই একো ভুল কৰা নাই।"

ইমানেই নহয় ৰাজকন্যা বৰুৱাক চিনি নাপাও বুলিও কৈছে চিকিৎসক নভনীল বৰুৱাই। আনকি তেওঁ ৰাজকন্যাক আই চি ইউত ৰখাৰ অভিযোগো নস্যাৎ কৰিছে। নভনীল বৰুৱাই কয়, "পূৰ্বে মোৰ কোনো চিনাকি নাছিল ৰাজকন্যাৰ সৈতে, আনকি ৰাজকন্যাক আই চি ইউত মই ৰখা নাছিলোঁ।"

উল্লেখ্য যে ভয়ংকৰ দুৰ্ঘটনাটোৰ পিছতে জামিনত মুকলি হৈ যোৱা ৰাজকন্যা বৰুৱাই লগে লগে অসুস্থতাৰ দোহাই দি জিএনআৰচি হাস্পতালৰ আই চি ইউত ভৰ্তি আছিল। অভিযোগ মতে আই চি ইউত থকাৰ সকলো ব্যৱস্থা কৰি দিছিল জিএনআৰচিৰ  চিকিৎসক নভনীল বৰুৱাই। পাছত চৰকাৰে গঠন কৰি দিয়া মেডিকেল বোৰ্ডে ৰাজকন্যাৰ আই চি ইউত ভৰ্তি হ'ব লগা তেনে কোনো অসুস্থতা নাপালে। তাৰ পিছতে ৰাজকন্যাক জিএনআৰচিৰ পৰাই পুনৰ গ্ৰেপ্তাৰ কৰা হয়। এই সমগ্ৰ প্ৰক্ৰিয়াত নভনীল বৰুৱাই সহয়োদ কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু আৰক্ষীয়ে তেওঁক থানাত হাজিৰ হ'বলৈ চমন জাৰি কৰিছিল।

দিচপুৰ জিএনআৰচি  হাস্পতালৰ অধীক্ষক সুব্ৰত ভাগৱতীও থানাত উপস্থিত হয়।

Category
Profile picture for user UB Photos