UB Photos

অন্ত পৰিলে অপেক্ষাৰ। শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল হ’ল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু চাৰ্জশ্বীট।

অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (SIT)এ আদালতত দাখিল কৰে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বীট।

চিআইডি কাৰ্যালয়ৰ পৰা আদালতলৈ লৈ যোৱা হৈছিল চাৰিটাকৈ ট্ৰাংকত প্ৰায় ৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীটৰ কপী।