কাছাৰৰ বালাচৰাত জব্দ বুজন পৰিমাণৰ বিদেশী চিগাৰেট। শিলচৰ - হাফলং ৰাষ্ট্ৰীয় পথৰ বালাচৰা টোল গেটৰ সমীপত বৰখলা থানাৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে চিগাৰেটখিনি।
গুৱাহাটী অভিমুখী এখন ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে ৩৪,৪০০ পেকেট বিদেশী চিগাৰেট। বিদেশত প্ৰস্তুত কৰা ESSE light ব্ৰেণ্ডৰ চিগাৰেটসমূহ অবৈধভাৱে সৰবৰাহৰ সময়ত জব্দ কৰা হয়।
জব্দ কৰা চিগাৰেটখিনিৰ মূল্য কেইবা লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে।
চিগাৰেট সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু সহঃ চালক ধলাইৰ ৰাহুল হুছেইন বৰভূঞা আৰু চাজিদ আহমেদ লস্কৰক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।
- Read more about বালাচৰাত জব্দ বুজন পৰিমাণৰ বিদেশী চিগাৰেট
- Log in to post comments