Boy Missing

পৰীক্ষাত উত্তীৰ্ণ সুখ্যাতিৰে, কিন্তু ফলাফলৰ পূৰ্বৰে পৰা সন্ধান নাই ছাত্ৰৰ।

তামুলপুৰৰ আঙৰকাটা গাঁৱৰ পৰা নিৰুদ্দেশ ছাত্ৰগৰাকী। বিগত ২০ দিন ধৰি কোনো সন্ধানহীন হৈ আছে ছাত্ৰ গৰাকী। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় শিৱজিৎ ৰাজবংশী নামৰ ছাত্ৰজন। পৰীক্ষাৰ ফলাফলৰ কিছুদিন পূৰ্বৰে পৰা সন্ধান নাই ছাত্ৰজনৰ।

যোৱা ১৮ তাৰিখে নিজ ঘৰৰ পৰাই সন্ধানহীন হোৱা ছাত্ৰ গৰাকীৰ চেণ্ডেল আৰু জোতা উদ্ধাৰ হৈছিল ঘৰৰ কাষেৰে বৈ যোৱা কালানদীৰ পাৰত। অৱশ্যে বৰ্তমানেও ছাত্ৰ গৰাকীৰ কোনো সন্ধান নোলোৱাত চিন্তিত হৈ পৰিছে পৰিয়াল তথা আত্মীয় স্বজন।