Mumbai

ধূলিৰ ধুমুহা আৰু বৰষুণৰ ফলত বিপৰ্যস্ত হৈ পৰিছে মুম্বাই। সোমবাৰৰ দিনটোত হোৱা এক ভয়াৱহ দুৰ্ঘটনাৰ ফলত মুম্বাইৰ ঘাটকোপাৰ অঞ্চলৰ এটা পেট্ৰ’ল পাম্পত ৰখা ১০০ ফুট ওখ এখন হৰ্ডিং ভাঙি পৰি থিতাতে চাৰিজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল। 

তাৰ পাছতে মুম্বাইৰ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে বিলবোৰ্ড আঁতৰাই উদ্ধাৰ অভিযান আৰম্ভ কৰাত মঙলবাৰৰ পুৱালৈকে ১৪ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আহতৰ সংখ্যা কমেও ৭৪ জন।

উল্লেখ্য যে, দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ পিছতে এন ডি আৰ এফ ৰ এটা দল ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ হৰ্ডিঙে হেচি ধৰা লোকসকলক উদ্ধাৰ কৰে।