Cabinet Meeting

বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। বিধানসভাৰ মজিয়াত শিশু, ৰাজহুৱাখণ্ডৰ উদ্যোগ বন্ধকলৈ বহুতো গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

আজিৰে পৰা আৰম্ভ হ’ল অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। ৫ দিনীয়াকৈ চলিব এই বিশেষ অধিৱেশন। শুকুৰবাৰে অন্ত পৰিব বিধানসভাৰ এই বিশেষ অধিৱেশনৰ। মুখ্যমন্ত্ৰীৰ ভাষণেৰে আৰম্ভ হ’ল অধিৱেশন। মূল্যবৃদ্ধিকে ধৰি বহু সমস্যালৈ সাজু বিৰোধী দলসমূহ। বিৰোধীক প্ৰত্যুত্তৰ দিবলৈও সাজু শাসক দল। এই বিশেষ অধিৱেশনত
চৰকাৰে উত্থাপন কৰিব ১৯খন বিধেয়ক। লগতে ৪৮খন পুৰণি আইন বাতিলৰ বিষয়ো কৰিব উত্থাপন চৰকাৰে।