Dr Bikramjit Baruah

অৱশেষত সন্ধান ওলাল নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ দিন ধৰি সন্ধানহীন হৈ থকা ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহৰ। সম্পূৰ্ণ ৫ দিনৰ অন্তত খবৰ ওলাল যোৰহাটৰ চিকিৎসকজনৰ।

মঙলবাৰে পুৱাৰ ভাগত মাজুলীৰ ভেকেলী চাপৰিত উদ্ধাৰ কৰা হয় বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহটো। পিন্ধনত এটা ক’লা চাৰ্ট আৰু জিনচ পৰিহত মৃতদেহটো প্ৰত্যক্ষ কৰে উদ্ধাৰকাৰী বাহিনীৰ দলে। NDRF আৰু SDRFএ চলোৱা যৌথ অভিযানত উদ্ধাৰ কৰা হয় বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ।