High Court

বহু বিবাহ বন্ধ সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী উচ্চ ন্যায়ালৰ। বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰে জাননী।মুছলমানৰ বিশেষ বিবাহ আইন বন্ধ কৰিছিল ৰাজ্য চৰকাৰে। কাজীসকলৰ অনুজ্ঞাপত্ৰও বাতিল কৰা হৈছিল। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন। অনুজ্ঞাপত্ৰ বাতিল কৰা একাংশ কাজীয়ে দাখিল কৰে এই আবেদন। দুমাহৰ ভিতৰত চৰকাৰে এই সম্পৰ্কে শপতনামা দাখিল কৰিব লাগিব।