Phanidhar Talukdar

বিধানসভাৰ চৌহদত হঠাৎ অসুস্থ ভবানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ। বিধানসভাৰ কাৰ্যসূচী চলি থকাৰ মাজতে অসুস্থ হৈ পৰে  বিধায়কগৰাকী।

বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনটোত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে ফটো ছেচনৰ পূৰ্বে হঠাৎ ঢলি পৰে বিধায়কগৰাকী। ততাতৈয়াকৈ GNRC হাস্পতালত ভৰ্তি কৰোৱা হয় অসুস্থ বিধায়কগৰাকীক।

বৰ্তমান সুস্থ হৈ উঠিছে বিধায়ক ফণীধৰ তালুকদাৰ। আচলতে, শৰীৰত চুগাৰৰ পৰিমাণ কমি যোৱাৰ বাবেই অসুস্থ হৈ পৰে বিধায়গৰাকী।