পুনৰ ইতিহাস ৰচি বিশ্ব ক্ৰীড়া মঞ্চত আন এক সোণৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ নীৰজ চোপ্রাই স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হয়। এই প্ৰতিযোগিতাত একাধিক পদক লাভ কৰি জেভলিন থ্ৰ'ৱাৰ নীৰজে প্রথম ভাৰতীয় খেলুৱৈ হিচাপে কৃতিত্ব অৰ্জন কৰে।
