পুনৰ বিশ্ব দৰবাৰত ইতিহাস ৰচিলে ভাৰতে! বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়.....

Neeraj Chopra

পুনৰ ইতিহাস ৰচি বিশ্ব ক্ৰীড়া মঞ্চত আন এক সোণৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ নীৰজ চোপ্রাই স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হয়। এই প্ৰতিযোগিতাত একাধিক পদক লাভ কৰি জেভলিন থ্ৰ'ৱাৰ নীৰজে প্রথম ভাৰতীয় খেলুৱৈ হিচাপে কৃতিত্ব অৰ্জন কৰে।

Neeraj Chopra

Neeraj Chopra

উল্লেখ্য যে, ৮৮.১৭ মিটাৰ জেভলিন নিক্ষেপ কৰি নীৰজ চোপ্রাই স্বৰ্ণ পদক দখল কৰে। ইফালে ৮৭.৮২ মিটাৰেৰে পাকিস্তানৰ নদীমে ৰূপৰ পদক অৰ্জন কৰে। নীৰজ চোপ্ৰাৰ উপৰি আন এগৰাকী ভাৰতীয় কিশোৰ জিনাৰে প্ৰতিযোগিতাত পঞ্চম স্থান দখল কৰে। তেওঁ ৮৪.৭৭ মিটাৰ দলিয়াই পঞ্চম স্থান অধিকাৰ কৰে। আনহাতে ৮৪.১৪ মিটাৰেৰে ডি পি মনুই ষষ্ঠ স্থান দখল কৰে।

Category
Profile picture for user UB Photos