pakistan suicide

অৱশেষত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ষড়যন্ত্ৰমূলক মৃত্যুৰ বিস্ফোৰক তথ্য ফাদিল! প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ  ৮৪ দিন পাছত অসম আৰক্ষীয়ে চলোৱা তদন্ত আৰু আদালতত দাখিল কৰা অভিযোগনামাই ঘটাইছে বিস্ফোৰণ। শুকুৰবাৰে SITয়ে CJM আদালতত দাখিল কৰা ১২,২৭০ পৃষ্ঠাৰ চার্জশ্বীটত ৭ অভিযুক্তৰ বিৰুদ্ধে মহাবিস্ফোৰণ।

পৰিকল্পনা অনুসৰিয়েই হত্যা কৰা হৈছিল জুবিন গাৰ্গক। সাগৰতীৰত মৃত্যু-যন্ত্ৰণাত অচেতন হৈ পৰি ৰৈছিল জুবিন। ৭৫ মিনিট ধৰি চেতনাহীন হৈ পৰি আছিল জাতিৰ প্ৰাণস্পন্দন জুবিন গাৰ্গ। আদালতত জমা দিয়া অভিযোগনামাৰ পাতে-পাতে জুবিন হত্যাৰ নিৰ্মম বৰ্ণনা।