অৰুণাচল প্ৰদেশক খ্ৰীষ্টান ৰাজ্য হিচাপে ঘোষণা। কেৱল ৰাজ্য হিচাপে ঘোষণা কৰাই নহয় অৰুণাচলৰ হাজাৰ হাজাৰ অৰুণাচলীয়েও গ্ৰহণ কৰিলে খ্ৰীষ্টান ধৰ্মৰ। অৰুণাচলৰ খ্ৰীষ্টান ফ’ৰামে নিজাববীয়াকৈ অৰুণাচলক খ্ৰীষ্টান ৰাজ্য হিচাপে ঘোষণা কৰিলে।
উল্লেখ্য যে, Arunachal Pradesh Freedom of Religion Act, 1978ৰ পাছৰে পৰা হিন্দু আৰু খ্ৰীষ্টানৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে PILৰ শুনানিৰ জৰিয়তে চৰকাৰক এই আইন প্ৰয়োগৰ আৰু নীতি নিৰ্ধাৰণৰ নিৰ্দেশ দিছিল। এই আদেশৰ পিছৰে পৰা অৰুণাচলত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পায়।