International Yoga Day

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। বিশ্বৰ প্ৰান্তে প্ৰান্তে যোগ দিৱস পালন কৰা হয়। আমেৰিকা, জাপান, নিউয়ৰ্ককে ধৰি সমগ্ৰ বিশ্বৰ ১৭৫খন দেশে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে এই দিৱস উদযাপন কৰে।

লক্ষণীয়ভাৱে ভাৰতৰ চিৰবৈৰী ৰঙাচীনতো দেখা গ’ল যোগ দিৱসৰ কাৰ্যসূচী। যোগ দিৱস উপলক্ষে দেশবাসীক সম্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে।

জম্মু কাশ্মীৰৰ শ্ৰীনগৰত যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।