
শেহতীয়াকৈ ৰাহুল গান্ধীয়ে হাৰিয়ানাৰ ছোনীপট জিলা ভ্ৰমণৰ সময়ত একাংশ মহিলা কৃষকক নিজৰ ঘৰলৈ আমন্ত্ৰণ জনোৱাৰ প্ৰতিশ্ৰুতি দিছিল। আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি একাংশ মহিলা কৃষকক দুপৰীয়াৰ ভোজলৈ আমন্ত্ৰণ জনাইছিল।
উল্লেখ্য যে, হাৰিয়ানাৰ কৃষক পৰিয়ালৰ একাংশ মহিলাই দিল্লীত গান্ধী পৰিয়ালক লগ পাইছিল। ছোনিয়া, ৰাহুল আৰু প্ৰিয়ংকা একেলগে বহি খোৱাবোৱা, গল্পগুজৱ কৰিছিল। সেই ভিডিঅ’টোত এগৰাকী মহিলাই ছোনিয়াক পুত্ৰৰ বিয়াৰ বিষয়ে সুধি থকা দেখা গৈছে। উত্তৰত ছোনিয়াই কয়, “আপোনালোকেই কইনা বিচাৰি দিয়ক।”
প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়াত ভিডিঅ’টো শ্বেয়াৰ কৰি বিশেষ অতিথিসকলক কেনেদৰে আপ্যায়ন কৰা হয় তাক দেখুৱাইছে। তেওঁ জনায় যে মহিলাসকলে উপহাৰ হিচাপে লাচী, আচাৰ লৈ আহিছিল।
লগতে ৰাহুলে কয় যে মাতৃ ছোনিয়া আৰু ভগ্নী প্ৰিয়ংকাইও অতিথিসকলৰ সৈতে ভাল সময় পাৰ কৰিছিল। ভিডিঅ’টোত দেখা গৈছে যে ছোনিয়া, প্ৰিয়ংকা আৰু ৰাহুলে সেই মহিলাসকলৰ কাষত বহি কথা পাতি আছে। কোনোবাই নাচি আছে, কোনোবাই গান গাইছে। ইফালে তাৰমাজতে ৰাহুলৰ বিয়াৰ বিষয়টোও উঠিল। সেই কথা-বতৰাও ভিডিঅ’টোত শুনা গৈছে।
২০২২ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা ২০২৩ চনৰ ৩০ জানুৱাৰীলৈ ভাৰত জোড়ো যাত্ৰা কৰিছিল ৰাহুল গান্ধীয়ে। তেওঁ ১২খন ৰাজ্য ভ্ৰমণ কৰি তাৰ ৰাইজৰ সৈতে কথা পাতিছিল। প্ৰায় ৩৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি বিজেপিৰ বিৰুদ্ধে সমৰ্থন বৃদ্ধি কৰিছিল।
- Log in to post comments