টকাৰ পাহাৰ! এইবাৰ CM ভিজিলেঞ্চৰ জালত দুই লুণ্ঠনকাৰী বিষয়া; অভিযানত জব্দ ২.৫ কোটি টকা.........

Bribe

ধুবুৰীত CM ভিজিলেঞ্চৰ জালত দুই ঘোচখোৰ বিষয়া । ধুবুৰী জিলা পৰিষদৰ CEO বিশ্বজিৎ গোস্বামী আৰু সহকাৰী জিলা প্ৰকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰক গ্ৰেপ্তাৰ কৰা হয়। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই চলোৱা এক অভিযানত ৩০ হাজাৰ টকা কমিছন লোৱাৰ সময়তে হাতে লোটে ধৰা পেলায় বিষয়া দুজনক। অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ ৫ জনীয়া দলে আৰক্ষী অধীক্ষক সিংহৰাম মেধিৰ নেতৃত্বত ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত অভিযান চলাইছিল।

bribe

bribe

উল্লেখ্য যে, শুকুৰবাৰে আবেলি ৫ বজাৰ পৰা শনিবাৰে পুৱতি নিশা ৫ বজালৈ প্ৰায় ১২ ঘণ্টা ধৰি বিষয়া দুজনক মাৰাথন জেৰা চলায় ভিজিলেঞ্চে । ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ লগতে সহকাৰী জিলা প্ৰকল্প সমন্নয়ক মৃণাল কান্তি সৰকাৰৰ বিৰুদ্ধে ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে দুয়োজন বিষয়াক লগতে লৈ তেওঁলোকৰ বাসগৃহত অভিযান চলায়। 

bribe

জানিব পৰা মতে, দুৰ্নীতি নিবাৰক দলটোৱে CEO বিশ্বজিৎ গোস্বামীৰ বঙাইগাঁৱৰ বৰপাৰাৰ বাসগৃহত অভিযান চলাই কেইবা কোটি টকাৰ লগতে ব বহু মূল্যবান অলংকাৰ উদ্ধাৰ কৰে। মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ গুৱাহাটীকে ধৰি মুঠ ১১টা স্থানত সম্পত্তি আছে। গোস্বামীৰ ৬টা বেংক একাউন্টো জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে। তদুপৰি, তেওঁৰ পত্নীৰ ফ্লেটৰ পৰাও ২.৫ কোটি টকা উদ্ধাৰ কৰাৰ খবৰ পোৱা গৈছে।  

bribe

আনহাতে, ধুবুৰীৰ গৌৰীপুৰত মৃণালকান্তি সৰকাৰৰ ঘৰতো ভিজিলেঞ্চে অভিযান চলায়। মৃণালকান্তিৰ ঘৰত নিশা ১ বজালৈ তালাচী চলে আৰু ভিজিলেঞ্চে বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰে।

উল্লেখনীয় যে, ধুবুৰী জিলাৰ ফকিৰগঞ্জ জিলা পৰিষদৰ সদস্য জাকিৰ হুছেইনৰ পৰা আঁচনিৰ ধন মোকলাই দিয়াৰ নামত ৯% কমিচন দাবী কৰে। কমিচনৰ ৩০ হাজাৰ টকা লোৱাৰ সময়তে অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী সহ সহকাৰী জিলা প্ৰকল্প সমন্নয়ক মৃণাল কান্তি সৰকাৰক আটক কৰিবলৈ সক্ষম হয়।

Category
Profile picture for user UB Photos