জোনাইত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। যি ঘটনা শুনিলে হয়তো আপুনিৰো গাৰ নোম শিয়ৰি উঠিব । ইয়াতকৈ জঘন্য আৰু কি হ'ব পাৰে ?
সোমবাৰে জোনাইৰ ৰতকে মিগাংগ গাঁৱত সংঘটিত এই নিৰ্লজ্জ কাণ্ডটো। পিতৃৰ সৰুকালৰে বন্ধুৱে শাৰীৰিকভাৱে সক্ষম কন্যাক ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে ।
উল্লেখ্য যে এগৰাকী শাৰীৰিকভাবে সক্ষম যুৱতীক ঘৰত কোনো নথকাৰ সুযোগ লৈ পিতৃৰ বন্ধুৱে ধৰ্ষণ কৰাৰ অভিযোগ তুলিছে যুৱতীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকে । ১৮ বছৰীয়া শাৰীৰিকভাৱে সক্ষম যুৱতীৰ পিতৃৰ বন্ধু নীলকান্ত পাইট ওৰফে মনোজৰ (৪৬) ওপৰত ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। ধৰ্ষণকাণ্ডটো সংঘটিত কৰিয়েই অভিযুক্ত নীলকান্ত পাইটে ঘৰৰ পৰা পলাই যায় বুলি ভুক্তভোগী পৰিয়ালটোৱে জানিবলৈ দিয়ে।
ইতিমধ্যে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে জোনাই থানাত নীলকান্ত পাইট ওৰফে মনোজৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা নং 376(2)/(i)ৰ অধীনত 95/2023 নম্বৰত এক গোচৰ ৰুজু কৰিছে বুলি জানিবলৈ দিয়ে ৷ অভিযুক্ত নীলকান্ত পাইট ওৰফে মনোজক শীঘ্রে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে পৰিয়ালটোৱে।
- Log in to post comments