ভক্তৰ সমাগম! আজিৰে পৰা আৰম্ভ পুৰীৰ জগন্নাথ ৰথ যাত্ৰা।

Rath Yatra

ওড়িশ্যাৰ পুৰীত অনুষ্ঠিত হোৱা এক বিশাল আৰু মহত্বপূৰ্ণ বাৰ্ষিক উৎসৱ হৈছে জগন্নাথ পুৰী ৰথ যাত্ৰা। ভগৱান জগন্নাথৰ প্ৰতি উৎসৰ্গিত ই এটা বাৰ্ষিক ৰথ উৎসৱ। এই বৰ্ষৰ ২০ জুনত ভগৱান জগন্নাথৰ ১৪৬ তম ৰথ যাত্ৰা উলিওৱা হৈছে। যাত্ৰাৰ সময়ছোৱাত সমগ্ৰ দেশৰ ভক্তসকলে এই ৰাজ্যখন আৰু মন্দিৰ চহৰসমূহ ভ্ৰমণ কৰে। 

এই ৰথ যাত্ৰা প্ৰতি বছৰে আহাৰ মাহৰ শুক্ল পক্ষৰ দ্বিতীয় দিনা আৰম্ভ হয়। শুক্ল পক্ষৰ ১১ তম দিনা এই যাত্ৰা জগন্নাথ জীৰ উভতি অহাৰ সৈতে সমাপ্ত হয়। প্ৰতি বছৰে আহাৰ মাহত এই উপলক্ষে এক বিশাল ৰথ যাত্ৰাৰ আয়োজন কৰা হয়। ভগৱান জগন্নাথ বিষ্ণুৰ অৱতাৰ কৃষ্ণৰ ৰূপ বুলি গণ্য কৰা হয়। মানুহে বিশ্বাস কৰে যে ৰথ যাত্ৰাত যোগদান কৰা আৰু ভগৱানৰ ৰথ কঢ়িওৱা ব্যক্তি এজনে ১০০ যজ্ঞ কৰাৰ দৰে সমানে গুণ লাভ কৰে।

এই ৰথ যাত্ৰাত তিনিটা ৰথ উলিওৱা হয়। এখনত ভগৱান জগন্নাথ, আনখনত তেওঁৰ ভাতৃ বলভদ্ৰ আৰু তৃতীয় ৰথত ভগ্নী দেৱী সুভদ্ৰাক যাত্ৰা কৰোৱা হয়। এই ৰথ যাত্ৰা আজি পুৱা ১০ বাজি ৪ মিনিটত আৰম্ভ হয়। এই যাত্ৰা বুধবাৰে পুৱা ৭ বাজি ৯ মিনিটত গুৰিয়া মন্দিৰলৈ যাত্ৰা কৰিব আৰু তাতে ৭ দিন থাকি পুনৰ জগন্নাথ পুৰীলৈ উভতি আহিব।

উৎসৱৰ সময়ছোৱাত ভগৱানৰ পুৰণি মূৰ্তি সলনি কৰি নতুন মূৰ্তি মন্দিৰত উপস্থাপন কৰে। হিন্দু পণ্ডিতসকলৰ মতে, যিটো বছৰত দুবাৰ আহাৰ মাহ পৰে সেই বছৰতহে ভগৱানৰ মূৰ্তি সলনি কৰা হয়। গতিকে এনে ১২–১৫ বছৰৰ মূৰতহে ঘটে। এই সময়ছোৱাত গোটেই চহৰৰ বিদ্যুত্‍ বিচ্ছিন্ন কৰা যায়। কোৱা হয় যে, যিগৰাকী পণ্ডিতে মূৰ্তি সলনি কৰে তেওঁৰ চকু কাপোৰেৰে ঢাকি লোৱা হয়। উল্লেখ্য যে লাখ লাখ ভক্তৰ সমাগম ঘটিছে পুৰীত। এই ৰথ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ পায় নিজকে ধন্য মানিছে দেশ-বিদেশৰ ভক্ত সকলে।
 

Category