'মই গামোচা বম বুলি মন বান্ধি লৈছো, ৪ টা দিনত এখন গামোচা মই নিজে বম'-আঙুৰলতা ডেকা

Angurlata Deka

নৱ প্ৰজন্মক বয়ন শিল্পীৰ সৈতে একাত্ম কৰিবলৈ আৰু বয়ন শিল্পীক জনপ্রিয় কৰাৰ লক্ষ্যৰে হস্ততাত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ তত্বাৱধানত আৰু অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত লতাশিল খেলপথাৰত ৪ দিনীয়া বয়ন কৰ্মশালাৰ আয়োজন । ২০ খন তাতশাল থাকিব এই কৰ্মশালাত  থাকিব  ১০ গৰাকী প্ৰশিক্ষক । বয়ন শিল্পৰ সামগ্ৰিক বিষয়ে জনাবলৈ এই কৰ্মশালাৰ আয়োজন ।  বৃহস্পতি বাৰে উদ্বোধন কৰা হ'ব অনুষ্ঠানৰ । হেমপ্ৰভা চুটীয়াই উদ্বোধন কৰিব কৰ্মশালাৰ । ৪ দিনত ২০০ গামোচা তৈয়াৰৰ লক্ষ্য । অসম প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই সংবাদমেলযোগে ঘোষণা কৰে এই কথা। লগতে সভানেত্ৰীগৰাকীয়ে কয়-'মই নিজে গামোচা বম বুলি মন বান্ধি লৈছো, ৪ টা দিনত এখন গামোচা মই নিজে বম'।

Category
Profile picture for user UB Photos