গৰ্ভধাৰণ কৰা পুৰুষৰ জন্ম হ’ল সন্তান!তৃতীয় লিংগ জিয়া-জাহাদৰ জীৱনলৈ আহিল সুখ!

Couple

এটা ব্যতিক্ৰমী দম্পতী। এই দম্পতী কোনো পুৰুষ বা মহিলাৰ দম্পতী নহয়। এহাল কিন্নৰৰ দম্পতী এইয়া।এই তৃতীয় লিংগৰ  দম্পতীটো হৈছে কেৰালাৰ। তেওঁলোকৰ নাম জিয়া আৰু জহাদ।

1

যোৱা তিনি বছৰ ধৰি ২৩ বছৰীয়া জহাদ আৰু ২১ বছৰীয়া ট্ৰেন্স মহিলা জিয়াই একেলগে বাস কৰি আহিছে। লৰা হিচাপে জন্মগ্ৰহণ কৰা জিয়া পিছলৈ ছোৱালীলৈ ৰূপান্তৰিত হোৱাৰ বিপৰীতে জাহাদ ছোৱালীৰ পৰা লৰালৈ সলনি হয়।উল্লেখ্য যে জাহাদে গৰ্ভধাৰণ কৰিছিল আৰু তেওঁলোকৰ এই খবৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। আৰু এতিয়া জাহাদে জন্ম দিলে এটি সন্তান।সামাজিক মাধ্যমত জিয়াই সন্তানটিৰ ফটো শ্বেয়াৰ কৰিছে।কিন্ত তেওঁলোকে সন্তানটিৰ লিংগ এতিয়ালৈ ৰাজহুৱা কৰা নাই।

 

Category
Profile picture for user UB Photos