গা কঁপি উঠা হত্যাকাণ্ড! ২৫ বছৰ ধৰি একেলগে থকা লিভ-ইন সঙ্গীৰ এচিড আক্ৰমণত মৃত্যু মহিলাৰ।

Acid Attack

মুম্বাইৰ গিৰগাঁৱত ঘটিল এক দেশ কঁপাই জোৱা হত্যাকাণ্ড।লিভ-ইন সঙ্গীয়ে এচিডেৰে আক্ৰমণ কৰিলে এগৰাকী মহিলাক। দুসপ্তাহৰো অধিক সময়ৰ পিছত অৱশেষত ৫৪ বছৰীয়া মহিলা গৰাকীয়ে মৃত্যুবৰণ কৰে। আৰক্ষীৰ মতে, মহিলাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ সময়ত 50 শতাংশই আঘাত প্ৰাপ্ত হৈছিল।

জানিব পৰা অনুসৰি, জানুৱাৰীত, মহেশ পূজাৰীয়ে (৬২) দুয়োজনৰ মাজত হোৱা বিবাদৰ বাবে তেওঁৰ ৫৪ বছৰীয়া লিভ-ইন সঙ্গীক এচিডৰে আক্ৰমণ কৰিছিল। "দুয়োবিগত ২৫ বছৰ ধৰি লিভ-ইন সম্পৰ্কত আছিল, কিন্তু সাম্প্ৰতিক সময়ত, দুয়োৰে মাজত সঘনাই বিবাদ হৈছিল। আনকি মহিলাগৰাকীয়ে মহেশক তেওঁৰ ঘৰএৰি যাবলৈ হেঁচা দি আছিল, যাৰ ফলত তেওঁ তেওঁলোকৰ বাসস্থানৰ বাহিৰত থাকিবলৈ বাধ্য হৈছিল," মুম্বাই আৰক্ষীয়ে কয় যে ইয়াৰ ফলত মহেশে মহিলা গৰাকীক এচিডৰে আক্ৰমণ কৰিছিল।

লগতে আৰক্ষীয়ে কয়, "মহেশক যোৱা মাহত এলটি মাৰ্গ আৰক্ষী থানাই গ্ৰেপ্তাৰ কৰিছিল কিন্তু আজি মহিলাগৰাকীৰ মৃত্যুৰ পিছত ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৩০২ ধাৰা যোগ কৰা হৈছে।

Category
Profile picture for user UB Photos