LIC, SBI ত ধন জমা আছে নেকি আপোনাৰ? আদানীৰ বাবেই ডুব যাব নেকি বৃহৎ প্ৰতিষ্ঠান LIC, SBI?

LIC

বেয়া দিন চলিছে বিশ্বৰ ধনী ব্যক্তিৰ আদানীৰ। যোৱা কেইদিনমানৰ পৰা আদানীৰ সম্পত্তি হ্ৰাস পাব ধৰিছে। আৰু আদানীৰ সম্পত্তি হ্ৰাসৰ লগে লগে আদানী গ্ৰুপৰ অন্তৰ্ভুক্ত কোম্পানীবোৰৰ শ্বেয়াৰো হ্ৰাস পাইছে। উল্লেখ্য যে দুদিনত আদানীৰ ১.৭ লাখ কোটি টকাৰ লোকচান হৈছে। এতিয়া আদানীৰ লগতে সংকটত পৰিছে কোটি কোটি ভাৰতীয়। যিসকল লোকে LIC আৰু SBI ত টকা জমা কৰিছিল সেই সকল লোকৰ হব পাৰে বিপদ। আদানী গ্ৰুপৰ শ্বেয়াৰ হ্ৰাসৰ লগে লগে LIC আৰু SBI য়ো বিপদৰ সন্মুখীন হৈছে। কাৰণ আদানী গ্ৰুপত LIC য়ে বিনিয়োগ কৰিছিল  ৭০ হাজাৰৰো অধিক টকা। আৰু SBI য়ে বিনিয়োগ কৰিছিল হাজাৰ হাজাৰ কোটি টকা। SBI য়ে জমা ৰাশিৰ প্ৰায় ৪০% ঋণ প্ৰদান কৰিছিল আদানীক। আদানী গ্ৰুপৰ লোকচানৰ কাৰণেই LIC য়ে হেৰুৱালে ১৮ হাজাৰ কোটি টকাৰো অধিক টকা। ২৭ জানুৱাৰী ২০২৩ ত আদানি গ্ৰুপৰ শ্বেয়াৰত LIC ৰ মুঠ বিনিয়োগ ৬২,৬২১ কোটি টকালৈ হ্ৰাস পাইছে। ২০২৩ চনৰ ২৪ জানুৱাৰীলৈকে ধনৰাশি আছিল ৮১,২৬৮ কোটি টকা।

উল্লেখ্য যে আমেৰিকান প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনৰ পিছতেই আদানী গ্ৰুপৰ ষ্টক সমূহৰ শ্বেয়াৰ হ্ৰাস হবলৈ আৰম্ভ হৈছিল।

 

Category
Profile picture for user UB Photos