আজি কৃষক শ্বহীদ দিৱস, জানো আহক কৃষক শ্বহীদ দিৱস আৰু পথৰুঘাটৰ ৰণৰ ইতিহাস

Patharu Ghatr Ron

আজি ২৮ জানুৱাৰী৷দৰং জিলাৰ পথৰুঘাটবাসীৰ বাবে এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ দিন।আজিৰ তাৰিখতে সংঘটিত হৈছিল পথৰুঘাটৰ ৰণ বা পাথৌঘাটৰ ধেৱা ৷ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে ভাৰতত ঘটা এক ঐতিহাসিক কৃষক বিদ্ৰোহ।

১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে অসমৰ দৰং জিলাৰ মঙ্গলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত পথৰুঘাট নামে ঠাইত স্থানীয় খেতিয়ক সকলে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰোঁতে ব্ৰিটিছ পক্ষই প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত গুলিচালনা কৰে। পথৰুঘাটত সংঘটিত হোৱা এই বিদ্ৰোহকে পথৰুঘাটৰ ৰণ বুলি কোৱা হয়।

ব্ৰিটিছ চৰকাৰে ১৮৩২-৩৩ চনত দৰঙত নাঙলে প্ৰতি ৩ টকাকৈ খাজনা ধৰি প্ৰজাৰপৰা মুঠ ৪১,৫০৬ টকা খাজনা উঠাইছিল। ১৮৪২-৪৩ চনত মাটি পিয়ল কৰি বস্তি (ঘৰ-বাৰী কৰাৰ উপযুক্ত), ৰুপিত (দ আৰু খেতিৰ উপযোগী) আৰু ফৰিঙতী (বাম খেতিৰ উপযুক্ত) এই তিনি ভাগ কৰি খাজনা বঢ়ালে। এই হিচাপত ১৮৪২-৪৩ চনত ১,৩৫,৪৫৮, ১৮৫২-৫৩ চনত ১,৫৭,৭৫৯ আৰু ১৮৬২-৬৩ চনত ৭,৪৩,৪৮৯ টকা খাজনা উঠায়। ১৮৯২-৯৩ চনত পুনৰ মাটি পিয়ল কৰি ৫ টকাৰ হাৰত খাজনা বৃদ্ধি কৰে ৷

১৮৯৪ চনৰ ২৮ জানুৱাৰীত পথৰুঘাটতত ব্ৰিটিছৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদত অনুষ্ঠিত হৈছিল বিশাল ৰাইজমেল। পথৰুঘাট অঞ্চলৰ হাজাৰ হাজাৰ লোক গোট খাইছিল এই ৰাইজমেলত। মেল চলি থাকোতেই সেই স্থানত উপস্থিত হৈছিল ব্ৰিটিছ বাহিনী। ইংৰাজ বিষয়া সকলে কোনোপধ্যেই খাজনা কমোৱা নহব বুলি ঘোষণা কৰাত কৃষক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। আৰু তেতিয়াই চৰকাৰী আৰক্ষী বাহিনীয়ে প্ৰতিবাদকাৰী ৰাইজৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। যাৰ ফলত শ্বহীদ হয় ১৪০ জন কৃষক। শতাধিক লোক আহত হল এই ঘটনাত। কিন্তু চৰকাৰী হিচাপ মতে ১৫ জন নিহত আৰু ৩৭ জন আহত বুলিহে প্ৰকাশ কৰে ৷ ঐতিহাসিক পথৰুঘাটৰ ছয়কুৰি কৃষক শ্বহীদ হোৱা ঠাইদোখৰতে শ্বহীদ কৃষক সকলৰ সোঁৱৰণত ১৯৮৭ চনৰপৰা ২৮ জানুৱাৰী তাৰিখটো সদৌ অসম ছাত্ৰ সন্থাই  কৃষক ছহিদ দিৱস হিচাবে পালন কৰি আহিছে। একেদৰে ২০০০ চনৰপৰা ২৯ জানুৱাৰী তাৰিখটোত ভাৰতীয় সেনাই পথৰুঘাটৰ ৰণৰ ছহীদ সকলক জনাই আহিছে সামৰিক সন্মান। শেহতীয়াভাৱে ৰাজ্য চৰকাৰে প্ৰতিবছৰৰ ২৮ জানুৱাৰীত পথৰুঘাটৰ শ্বহীদ কৃষক সকলৰ সোঁৱৰণত উদযাপন কৰি আহিছে কৃষক শ্বহীদ দিৱস

ব্ৰিটিছৰ অন্যায়ৰ বিৰুদ্ধে সাহসেৰে যুঁজি দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰা বীৰ কৃষকৰ স্মৃতি বিজড়িত ইতিহাসৰ পৱিত্ৰ ভূমি পথৰুঘাট। এই ঘটনাই ভাৰতৰ স্বাধীনতা সংগ্ৰমাত এক নতুন মাত্ৰা প্ৰদান কৰিছিল। পথৰুঘাটৰ কৃষক ৰাইজৰ এই চৰম ত্যাগ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীত এক অবিস্মৰণীয় অধ্যায়।


 

Category
Profile picture for user UB Photos