
বৰ্তমান সময়ত প্ৰায় বিলাক মানুহৰে মানসিক চাপে গ্ৰাহ কৰা দেখা পোৱা যায়! যিকোনো কাৰণতে মানুহৰ মানসিক চাপ থাকে। অত্যাধিক মানসিক চাপ হ’লে আমি ডাক্তৰৰ কাষ চপাতো উচিত। অৱশ্যে কিছুমান খাদ্য খায়ো মানসিক চাপৰ পৰা কিছু পৰিমাণে পৰিত্ৰাণ পাব পৰা যায়।

ক) মিঠা আলু- মানসিক চাপৰ এটা প্ৰধান কাৰণ হৈছে কোটিছোল হৰমনৰ ক্ষৰণ। মিঠা আলু বা ৰঙা আলুই এইবিধ হৰমনৰ ক্ষৰণ কমায়। ফলত মন ভালে থাকে।

খ) কণী- কণীত বিভিন্ন পুষ্টিকৰ উপাদান থাকে। তদপুৰি কণীত ক’লাইন নামৰ এবিধ উপাদান থাকে, যিবিধ উপাদানে মস্তিস্ক শীতল কৰি ৰাখে। ফলত মনো ভলে থাকে।

গ) নহৰু- বিভিন্ন গৱেষণাই প্ৰমাণ কৰিছে যে নহৰুত থকা উপাদান সমূহে উদ্বেগ আৰু অৱসাদৰ পৰা মনক আতৰাই ৰাখে।

ঘ) ব্ৰকলি- ব্ৰকলিত ছালফ’ৰামেন নামৰ এবিধ উপাদান থাকে। ফলত ব্ৰকলি খালে মন শান্ত হৈ থাকে আৰু অৱসাদ কমে।

ঙ) কাবুলী বুট- কাবুলী বুট অকল সোৱাদযুক্তই নহয়, ই মস্তিস্কৰ বাবে সাংঘাতিক উপকাৰী। ইয়াত থকা এল-ট্ৰিপটোফান নামৰ উপাদানবিধে মন ভালে ৰখাত সহায় কৰে।

চ) ব্লু-বেৰী- প্ৰতিদিনে যদি কেইটামান ব্লু-বেৰী খাব পাৰে, তেন্তে মন প্ৰফুল্ল হৈ থাকে। ইয়াত থকা ফ্লেভান’য়েড নামৰ এন্টিঅক্সিডেন্ট কম সময়ৰ ভিতৰতে মানসিক অৱসাদ বা চাপ আঁতৰায়।
- Log in to post comments