ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিল অসম সন্তান, অসমৰ গুঞ্জন সিনহাই আজুৰিলে ''ঝলক দিখলা জা ১০''ৰ বিজয়ৰ মুকুট

Gunjan Sinha

Colors ত সম্প্ৰচাৰিত নৃত্যৰ ৰিয়েলিটী শ্ব' ''ঝলক দিখলা জা ১০''ৰ বিজয়ী মুকুট পৰিধান কৰিলে অসমৰ শিশু প্ৰতিভা গুঞ্জন সিনহাই। পুৰস্কাৰ হিচাপে গুঞ্জন সিনহাই লাভ কৰে ২০ লাখ টকাৰ নগদ পুৰস্কাৰ।

ৰাজ্যবাসীক গৌৰৱান্বিত কৰা গুঞ্জন সিনহাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ৰুবিনা দিলাইক আৰু ফৈচাল শ্বেখক পিছ পেলাই ট্ৰফী দখল কৰে। ''ঝলক দিখলা জা ১০''ৰ শীৰ্ষ তিনিগৰাকীৰ ভিতৰত আছিল গুঞ্জন, ৰুবিনা আৰু ফৈচাল।

২০১৪ চনত জন্মগ্ৰহণ কৰা গুঞ্জন সিনহা অসমৰ গুৱাহাটীৰ বাসিন্দা। তেওঁৰ পিতৃ ৰণধীৰ সিনহা এজন আৰক্ষী বিষয়া আৰু মাতৃ হিমাদ্ৰী এগৰাকী গৃহিণী। গুঞ্জনে টিভিত অভিষেক ঘটাইছিল ডান্স দীৱানে ছিজন ৩ৰ জৰিয়তে। এই শ্বটোত বিজয়ী হব পৰা নাছিল যদিও একান্ত সাধনাই ''ঝলক দিখলা জা ১০''ত বিজয়ৰ মুকুট পৰিধান কৰে।

বিজয়ৰ খিতাপ দখল কৰাৰ পিছত সুখী গুঞ্জন সিনহাক সোধা হৈছিল যে পুৰস্কাৰ ৰূপে লাভ কৰা ধন তেওঁ কি কৰিব? গুঞ্জনে কয়- ''মই এতিয়া সেই টকা লব নোৱাৰোঁ। এয়া মোৰ মা-দেউতাৰ বাবে আৰু মই যি কিনিব বিচাৰোঁ, তেওঁলোকে মোৰ বাবে কিনিব।''

ঝলক দিখলা জা ১০ত নৃত্যৰে দৰ্শকৰ মন জয় কৰা গুঞ্জন সিনহাই তেওঁৰ ইনষ্টাগ্ৰামত ৰিয়েলিটী শ্বটোৰ বিচাৰক নোৰা ফাতেহী আৰু কৰণ জোহৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

Category
Profile picture for user UB Photos