কাইলৈ ঘোষণা হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল!

Assam Direct Recruitment

কাইলৈ ১৫ অক্টোবৰ, ঘোষণা হ’ব পাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল।

ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ অংশস্বৰূপে অনুষ্ঠিত কৰা হৈছিল নিযুক্তি পৰীক্ষা। ২৬ হাজাৰ পদৰ বাবে পৰীক্ষাত বহিছিল প্ৰায় ১৪ লাখ প্ৰাৰ্থী।

২১ আগষ্টত চতুৰ্থ বৰ্গৰ আৰু ২৮ আগষ্ট তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল। 

উল্লেখ্য় যে, এই পৰীক্ষাক লৈ যথেষ্ট বিতৰ্কৰো সৃষ্টি হৈছিল। নিযুক্তিৰ নামত ধনৰ লেনদেন হোৱা বুলি অভিযোগ তুলিছিল ভিক্টৰ দাস নামৰ এজন লোকে। যাৰ ফলত গ্ৰেপ্তাৰো কৰিছিল ভিক্টৰক। 

Category

Related Articles