ইউনেস্ক’ৰ ‘প্ৰথম ১০০টা IUGS Geological Sites’ হিচাপে তালিকাভুক্ত মেঘালয়ৰ মাউমলুহ গুহা !

meghalaya's mawmluh cave


ইউনেস্ক’ৰ ‘প্ৰথম ১০০টা IUGS Geological Sites’ হিচাপে তালিকাভুক্ত মেঘালয়ৰ মাউমলুহ গুহা। মেঘালয়ৰ মাওমলুহ গুহা, যাক ক্ৰেম মাওমলুহ বুলিও জনা যায়। সেই গুহাটোৱে ইউনেস্ক’ৰ ‘প্ৰথম ১০০টা IUGS Geological Sites’ হিচাপে তালিকাত অৰ্ন্তভুক্ত হৈছে। ভাৰতৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত এয়া। মেঘালয়ৰ এই বিশিষ্ট গুহাটো আন্তৰ্জাতিক ভূতাত্ত্বিক বিজ্ঞান সংঘ(ইউনেস্কো)ই বাছনি কৰিছে। 

 

 

 

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টুইটাৰযোগে এই সুখৰ খবৰ প্ৰকাশ কৰি কয় যে, "মেঘালয়ৰ চোহৰাত থকা মাওমলুহ গুহাক ইউনেস্ক’ৰ ‘প্ৰথম ১০০টা IUGS Geological Sites’ হিচাপে বাছনি কৰিছে। বাস্ক কোষ্ট ইউনেস্কো গ্লোবেল জিঅ'পাৰ্ক (স্পেইন)ৰ জুমায়াত আইইউজিএছৰ ৬০ তম বাৰ্ষিকী অনুষ্ঠানত ঘোষণা কৰা হয় এই কথা। ৫৬খন দেশৰ ১৮১ প্ৰাৰ্থী পৰা বাছনি কৰে UNESCOই।

 

 

দৰাচলতে মাওমলুহ গুহা হৈছে ভাৰতীয় উপমহাদেশৰ চতুৰ্থ দীৰ্ঘতম গুহা। ১৮৪৪ চনত লেঃ য়ুলে (ব্ৰিটিছ) অন্বেষণ কৰা মাওমলুহ প্ৰথম গুহা আছিল। ৪৫০৩মিটাৰ উচ্চতাত স্থাপিত এই গুহাটো ইয়াৰ ষ্টেলাগমাইট গঠনৰ বাবে জনাজাত। লগতে এই গুহাটো পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা স্থান হিচাপেও জনাজাত।

 

 

উল্লেখ্য যে, গুহাটোৰ ভিতৰত এটা পুখুৰীও আছে। এই পুখুৰীটো গুহাৰ মাজেৰে যোৱা পাঁচখন পৃথক নদীৰ পৰা গঠন কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষকসকলে যোৱা ৫০ বছৰ ধৰি মাওমলুহ গুহাৰ পৰা ষ্টেলাগমাইটৰ বিকাশ অধ্যয়ন কৰি আহিছে। গৱেষণাটোৰ পৰা বিজ্ঞানীসকলে জানিব পাৰিছিল যে, উত্তৰ-পূব ভাৰতত শীতকালীন বৰষুণৰ পৰিমাণ আৰু প্ৰশান্ত মহাসাগৰত জলবায়ুৰ পৰিস্থিতিৰ মাজত এক অস্বাভাৱিক সম্পৰ্ক আছে।

Category
Profile picture for user UB Photos