আজি মুকলি হ’ল আৰ্যনগৰৰ উৰণীয়া সেঁতু! মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Assam CM

আজি মুকলি হ’ল আৰ্যনগৰৰ উৰণীয়া সেঁতু। দুৰ্গা পূজাৰ এদিন পূৰ্বেই গুৱাহাটীবাসীলৈ নতুন উপহাৰ ৰাজ্যচৰকাৰৰ। সেঁতুখন মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Assam CM

১৪৯ কোটি ৭ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে সেঁতুখন, দুই লেনযুক্ত উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য প্ৰায় ৭৯০ মিটাৰ। সেঁতুখনৰ দুয়োকাষে অংকন কলা-সংস্কৃতিৰ ছবি, স্বাধীনতা সংগ্ৰামীৰ ছবি অংকন সেঁতুখনত। মুকলিৰ পূৰ্বে আটক ধুনীয়াকৈ সজাই তোলা হৈছে সেঁতুখন।

Arya Nagar Fly Over

২০২১ চনৰ ২৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল সেঁতুখন নিৰ্মাণৰ কাম। সেঁতুখন নিৰ্মাণ সম্পূৰ্ণ কৰাৰ সময়সীমা আছিল ২০২৩ চনৰ ১৭ আগষ্ট। কিন্তু এটা বছৰ পূৰ্বেই সম্পূৰ্ণ হ’ল সেঁতুখনৰ নিৰ্মাণ কাৰ্য।

Category
Profile picture for user UB Photos