জোনাইত ডকমকা কাণ্ডৰ পুনৰাবৃত্তি! সোপাধৰাৰ সন্দেহত এজন লোকক মৰিয়াই মৰিয়াই হত্যা

JOnai

জোনাইত সংগঠিত হৈছে ভয়ংকৰ ঘটনা। জোনাই বৈকুণ্ঠ পুৰৰ ৰাকুত ককেত সংগঠিত হল ডকবকা কাণ্ডৰ পুনৰাবৃত্তি l সোপাধৰাৰ সন্দেহত এজন লোকক মৰিয়াই মৰিয়াই হত্যা l 

ৰাকোত ককে গাওঁৰ এগৰাকী মহিলাৰ কুলাৰ কেচুৱা কাঢ়ি লৈ পলাবলৈ চেষ্টা কৰাৰ অভিযোগত খেদি খেদি মৰিয়াই মৰিয়াই হত্যা l মহিলা গৰাকীৰ চিঞৰ বাখৰত ওলাই আহিছিল অঞ্চলটোৰ শ শ লোক l  উত্তেজিত জনতাৰ গণ প্ৰহাৰত নিহত হয় লোকজন l 

লগে লগে ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ মূমূৰ্ষ অৱস্থাত লোকজনক উদ্ধাৰ কৰি জোনাই অসামৰিক চিকিৎসালয়ত নিয়ে যদিও চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে l 

গণপ্রহাৰত নিহত লোকজন গোগামুখ চুতীয়া গাওঁৰ গোলাপ বৰুৱা (৩২) বুলি আৰক্ষীয়ে চিনাক্ত কৰা হৈছে l গোলাপ বৰুৱা মানসিক ৰোগী বুলি সন্দেহ কৰিছে আৰক্ষীয়ে l 

ইতিমধ্যে মৃত ব্যক্তিগৰাকীৰ মৃতদেহ মাৰুনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে lবৰ্তমানলৈকে আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত আনুষ্ঠনিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

হত্যাকাণ্ডৰ লগত জড়িত সন্দেহত সোধ-পোচৰ বাবে দুজনক আটক কৰে আৰক্ষীয়ে। জোনাই ৰান্ধনৰ ৰনুজ টায়ে  আৰু বৈকুণ্ঠ পুৰৰ কামজাম টায়েক আটক আৰক্ষীৰ।

আনহাতে, সোপা ধৰা সন্দেহত হত্যা কৰা গোলাপ বৰুৱাৰ পৰিয়ালে প্ৰকাশ কৰিছে ইতিমধ্য়ে প্ৰতিক্ৰিয়া। পৰিয়ালৰ দাবী যি সকল দুকৃষ্টিকাৰী সেই সকলক অতি সোনকালে উচিত শাস্তি প্ৰদান বিহিব লাগে। 

Category
Profile picture for user UB Photos